ৰাতিপুৱাৰ এলাৰ্ম
মহঃ আবু শ্বামা আলম
টোপনিৰ পৰা সাৰ পাইছে তেওঁ। তথাপি বিছনাত শুই আছে । মছজিদৰ পৰা ভাহি অহা আজানৰ মিঠা শব্দই তেওঁৰ কৰ্ণকুঁহৰত দোলা দি গ’ল, কাষৰ ঘৰখনৰ মতা কুকুৰাটোৱেও ৰাতি পুৱাবলৈ যে বেছি পৰ নাই তাৰ সম্ভেদ দিলে । তাৰো শয্যা ত্যাগ কৰাৰ সময় হ'ল । মাথোঁ মোবাইল ফোনত আগৰাতি ছেট কৰি থোৱা এলাৰ্মটো বজালৈ তেওঁ অপেক্ষা কৰি থাকিল ।
‘মাছুদ হয়তো উঠিলেই’ — তেওঁ মনতে ভাবিলে। মাছুদহঁতৰ ঘৰখন অলপ নিলগত। সেয়েহে তেওঁ অলপ আগতে উঠিব লাগে। সিহঁতৰ ঘৰৰ পৰা এইখিনিলৈ খোজকাঢ়ি আহোতে প্রায় পাঁচ সময় লাগে। গতিকে তেওঁ এই সময়খিনি আৰামত শুই থাকিব পাৰে। তাৰ পিছত দুয়োজনে একেলগে দৌৰ অনুশীলন কৰিবলৈ যায়। কথাবোৰ ভাবি থাকোতে এলাৰ্মৰ মৃদু শব্দটো বাজি উঠিল । তেওঁ গাৰুৰ কাষৰ পৰা মোবাইলটো তুলি লৈ এলাৰ্মটো বন্ধ কৰি আৰু অলপো সময় অপচয় নকৰাকৈ শয্যা ত্যাগ কৰিলে আৰু টুথ ব্ৰাছটো লৈ কোঠালীৰ পৰা বাহিৰ হ’ল । সোনকালে জৰুৰী কামখিনি সমাপন কৰি ক্ষিপ্ৰতাৰে কাপোৰযোৰ সলাই জোতাযোৰ পিন্ধি বাহিৰলৈ ওলাই গ'ল। চাৰিওফাল এতিয়াও এন্ধাৰেৰে আৱৰি আছে। লাহে লাহে খোজকাঢ়ি তেওঁ আগুৱাই থাকিল, ৰাস্তাৰ কাষত তেওঁ মতিক শুই থকা দেখিলে, তেওঁক দেখি মতি শুৱাৰ পৰা উঠি ঘেংঘেঙাই শব্দ কৰিবলৈ ধৰিলে, যেন তেওঁক ৰাতিপুৱাৰ শুভেচ্ছা জাচি আছে । মতিক দেখি ছাজিদৰ মনত হাঁহি বিৰঙিল, তেওঁ সোঁহাতৰ তৰ্জনি আঙুলিটো দুই ওঁঠৰ ওপৰত ৰাখি মতিক নিশ্চুপ হবলৈ ইংগিত দিলে । মতিও যেন তেওঁৰ সকলো কথা বুজি পায় । তেওঁ মতিৰ একেবাৰে ওচৰত গৈ বহিলে আৰু মতিও চাবি দিয়া পুতলাটোৰ দৰে মৌন হৈ তেওঁৰ মুখৰ পিনে চাই থাকিল । তেওঁ মতিৰ মূৰ কপালত হাত বোলাই ছামিয়াৰ কথা সুধিলে —
: তাই উঠিছেনে — এক প্ৰশ্নবোধক দৃশটিৰে তেওঁ মতিৰ পিনে চাই ৰ’ল । কিন্তু মতিয়ে কোনো ধৰণৰ শব্দ নকৰি মাথো মূৰটো জোকাৰিলে । এইবাৰ ছাজিদে বহাৰ পৰা উঠি বাঁহৰ জপনাখন লাহেকৈ খুলি ভিতৰলৈ সোমাই গ’ল । পোনে পোনে ছামিয়াৰ কোঠাটোৰ ওচৰলৈ গৈ খিৰিকিৰ ওচৰত থিয় দিলে । বন্ধ খিৰিকিৰ ভিতৰৰ পৰা বাহিৰলৈ পোহৰৰ মৃদু কিৰণৰ আগমনৰ পৰা তেওঁ বুজি পালে তাই উঠিছে । তেওঁৰ মনটো ভাল লাগি গ’ল । তেওঁ খিৰিকিৰ ওপৰত আঙুলিৰ নখেৰে দুবাৰকৈ আচোঁৰ মাৰিলে । দমকলৰ পৰা পানী ওলোৱাৰ আকস্মিক শব্দত তেওঁ চক খাই গ’ল । এক স্বাভাৱিক ভয়ে তাৰ মনত ক্ৰিয়া কৰিলে । খুৰিয়ে হয়তো ফজৰৰ নামাজৰ বাবে উঠিছে বুলি কৈ তেওঁ নিজকে কিছু সাহস দিলে । খিৰিকিখন খোল খালে, ছাজিদে দেখিব পাৰিলে ছামিয়াৰ সমুখত খোলা কিতাপ, তাই পঢ়ি আছে ।
: পঢ়ি আছা ? — খুব সুক্ষ্মভাৱে তেওঁ ছামিয়াক সুধিলে । উত্তৰৰ আশা নকৰি তেওঁ একান্ত মনেৰে তাইৰ মুখলৈ চাই ৰল ।
: ওহ — ছামিয়াই খুব সংক্ষেপে সহাঁৰি জনাই ছাজিদৰ মুখলৈ চাই এটি কোমল হাঁহি মাৰিলে ।
: ঠিক আছে পঢ়ি থকা মইও প্ৰেক্টিছত যাওঁ । — ছাজিদে তাইৰ পঠন ব্যহত কৰিব খুজা নাই ।
: কিয় আহিছিলা ?
: যাওঁতে মতিৰ লগত দেখা হ’ল আৰু মতিয়ে তোমাৰ লগত দেখা কৰিবলৈ কলে । — ছাজিদৰ ধেমেলীয়া উত্তৰত তাই মিচিঁয়া হাঁহিৰে সহাঁৰি জনালে ।
: পিছে মতিয়ে আপোনাৰ লগত কোনটো ভাষাত কথা পাতিলে ? — তাই ফুচফুচাই সুধিলে ।
: মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সদায় জানো ভাষাৰ প্ৰয়োজন নহয় , মৌনতাই শ্ৰেষ্ঠ ভাষা । — ছাজিদে খুব গহীনভাৱে কথাষাৰ কৈ যাবলৈ উদ্ধত হ’ল ।
: অলপ ৰ’বা । — ছামিয়াই পঢ়াৰ টেবুলৰ এচোকত কাগজেৰে মেৰিয়াই থোৱা এটি সৰু টোপোলা ছাজিদলৈ আগবঢ়াই দিলে ।
: কি ? — ছাজিদে উত্সুকভাৱে হাতত লৈ সুধিলে ।
: পিঠা — তাইৰ সংক্ষিপ্ত উত্তৰ ।
: মই আহিম বুলি জানিছিলা ? — তেওঁ বৰ মৰমেৰে সুধিলে ।
: ওহ্ । — ছাজিদে আৰু কথা নবঢ়াই যাবলৈ খোজ পেলালে । ছামিয়াইও কোনো বাধা নিদিলে । কাৰণ দুয়ো সীমা অতিক্ৰম নকৰে । এনেদৰেই আগবাঢ়িছে তেওঁলোকৰ ভালপোৱা । ছাজিদে মতিক এটা পিঠা দি ৰাস্তালৈ ওলাই গ’ল । এতিয়াও এন্ধাৰ আতৰা নাই,তাতে কুঁৱলি পৰিছে । এন্ধাৰৰ মাজেৰেই তেওঁ খোজকাঢ়ি থাকিল , কিছুসময় পিছত তেওঁ মাছুদক লগ পালে । দুই বন্ধুৱে একেলগে দৌৰ অনুশীলন কৰাৰ আগতে পিঠাকণ ভগাই খালে। ক’ত পালা বুলি সোধোতে ছামিয়াই দিছে বুলি ক'লে । মাছুদে ছাজিদহঁতৰ সম্পৰ্কৰ বিষয়ে আগৰ পৰাই জানে । সেয়ে তেওঁ ছাজিদক বিশেষ একো নোসুধিলে। উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তীৰ্ণ হোৱাৰ পিছৰ পৰাই দুয়োজনে নিয়মীয়াকৈ দৌৰ অনুশীলন কৰাৰ লগতে শৰীৰ চৰ্চা কৰে। দুয়ো জনৰ উদ্দেশ্য এটাই সামৰিক বাহিনীত যোগদান কৰি দেশমাতৃক সেৱা কৰা । অৱশ্যে এতিয়ালৈকে কোনেও ইন্টাৰভিউ দিয়া নাই কাৰণ ওঠৰ বছৰ সম্পূৰ্ণ হোৱা নাছিল যদিও তেওঁলোকে আগৰ পৰাই দৌৰ অনুশীলন কৰে, কাৰণ তেওঁলোকে ভাবে সেনা বাহিনীত চাকৰি কৰিবলৈ দৌৰত এক্সিলেন্ট মাৰিব নোৱাৰিলে আশা ক্ষীণ । এতিয়া দুয়ো ওঠৰ বছৰত ভৰি দিছে ।
দুয়োজনে বাটৰ কাষেৰে দৌৰি আছে। কিছু সময় মূৰে মূৰে ৰাস্তাৰে গাড়ী মটৰ আদি পাৰ হৈ গৈ আছে। তীব্ৰ বেগী গাড়ী মটৰবোৰ যেনেদৰে যায় তেওঁলোকৰ ভয়ে লাগে। সেয়ে তেওঁলোকে বাটৰ একেবাৰে বাওঁফালে থকা কেঁচা পথেৰে দৌৰে । কিছুপৰ দৌৰি থকাৰ পিছত হঠাত মাছুদে ওহ্ শব্দ কৰি চিঞৰি উঠিল। তেওঁ দৌৰ বন্দ কৰি বাটৰ কাষত থকা ধুবুৰীৰ ওপৰত বহি বহি কেকাবলৈ ধৰিলে । লগে লগে ছাজিদে থিয় হৈ মাত লগালে-
: কি হ’ল ? — মাছুদে একো উত্তৰ নিদি মাথো ভৰিটো ধৰি চিঞৰি থাকিল। ভৰিৰ পৰা অলপ অলপকৈ তেজ নিগৰি আছে।
: কি হৈছে ? একো নোকোৱা কিয় ? – ছাজিদে ততালিকে তেওঁৰ ওচৰ পালেগৈ আৰু অলপ আউজি দেখিব পাৰিলে যে মাছুদৰ ভৰিত গজাল বিন্ধিছে । গজালৰ এটা অংশ বাহিৰতে আছে । তাৰ মনত দুখ লাগিল, কি কৰিব একো বুজিব নোৱাৰি সি ইফালে সিফালে চালে । কোনো মানুহ নাই, মাথো দুই এটি মালবাহী ট্রাক ৰাস্তাৰে গৈ থকা দেখিলে । অকলশৰীয়া ৰাস্তাটোৰ কাষত কোনো দোকান প্রহৰ নাই। প্রায় তিনি কিলোমিটাৰ মান ঠাই তেওঁলোকে দৌৰি আহিছে এইখিনিত একো নাই।
: ৰ'বা, নাকান্ধিবা। মই কিবা এটা কৰি আছোঁ । — মাছুদৰ চকুৰে লোতক নিগৰা দেখি ছাজিদৰো কান্ধিবৰ মন গ'ল । সি নিজকে চম্ভালি গজালটো ওলোৱাৰ কথা ভাবিলে ।
: ৰ'বা, বেছি লৰচৰ নকৰিবা, মই গজালটো ওলোৱাই আছোঁ । — ছাজিদে ভালকৈ মাটিত বহি লৈ মাছুদৰ ভৰিটো নিজৰ সাথোৰাৰ ওপৰত ৰাখি বাওঁহাতেৰে ভৰিটো ধৰি সোঁহাতেৰে গজালটো ওলোৱাবলৈ যত্নৱান হ'ল ।
: ওহ্, এৰি দিয়া, দুখ পাইছোঁ । —মাছুদে একপ্ৰকাৰৰ চিঞৰি চিঞৰি তেওঁক বাধা দিলে ।
: নুবুজা কিয় ? এইটো নোলালে বিষ আৰু বেছি হ'ব আৰু ঘৰলৈ কেনেকৈ যাবা । — ছাজিদে মাছুদক বুজনি দিয়াৰ দৰে ক'লে ।
: তুমি অলপ সময় উশাহ বন্ধ কৰি বেলেগ পিনে চাই থাকা । মই কিবা কৰি আছোঁ । কথা দিছোঁ অলপো দুখ নোপোৱা ।
মাছুদে উপায়হীনৰ দৰে তেওঁৰ কথামতে উশাহ বন্ধ কৰি বেলেগ পিনে চাই থাকিল । এই ছেগতে ছাজিদে লাহেকৈ গজালৰ মূৰটো ধৰি মনতে এক দুই তিনি বুলি কৈ একে টানত গজালটো ওলোৱাই পেলালে । লগে লগে ক্ষতস্থানৰ পৰা বেছিকৈ তেজ নিগৰিবলৈ ধৰিলে । বেছিকৈ তেজ যাতে ওলাব নোৱাৰে তাৰবাবে ছাজিদে আঙুলিৰে টিপা মাৰি ধৰি থাকিল। মাছুদে তেওঁৰ পিনে চাই ৰ'ল ।
: এতিয়া আৰু ভয় নাই বন্ধু, চয়তান গজালটোক উলিয়াই পেলালোঁ । — ছাজিদে মাছুদৰ হাতত তেজ লাগি ৰঙচুৱা হোৱা গজালটো দি ধেমালিৰ ক'লে । মাছুদে গজালটো হাতত লৈ দলি মাৰি জোপোহাৰ মাজত পেলাই দিলে ।
: কোন বদমাচ মানুহে ইয়াত এইটো পুতি থৈছিল । — মাছুদে নিজৰ খং প্ৰকাশ কৰিলে । মিচিকিয়া হাঁহিৰে ছাজিদে তেওঁক বুজাই দিলে যে গজালটো কোনেও ইয়াত ইচ্ছা কৰি পেলোৱা নাই । এইটো হয়তো কোনো ভঙা চিঙা বস্তু লৈ যোৱা গাড়ীৰ পৰা পৰিছে । বালিৰ মাজত পৰিছে কাৰণে তুমি দেখা নাই আৰু গজালটো তোমাৰ ভৰিত বিন্ধিছে । ইয়াত কাৰো দুখ নাই ।
সূর্য উদয় হ'ল । চাৰিওফালে এন্ধাৰ আঁতৰি পোহৰ হৈছে । এতিয়া ঘৰলৈ যোৱাটোৱে ভাল হ'ব । ছাজিদে লক্ষ্য কৰিলে যে তেজ ওলোৱা বন্ধ হৈছে । তথাপি তেওঁ ৰাস্তাৰ দাঁতিত থকা ধুৱৰিৰ কেইটামান পাত ছিঙি চোবাই আঘাত পোৱা স্থানত লগোৱাই তেওঁৰ মূৰত বান্ধি থোৱা ৰুমালটো খুলি ভাজ লগাই ভৰিটো ভালকৈ বান্ধি দিলে ।
: বলা, এতিয়া ঘৰলৈ যাও। — থিয় হৈ ছাজিদে ক'লে । মাছুদে তেওঁৰ হাতত ধৰি থিয় হ'ল।
: খোজকাঢ়ি যাব পাৰিবা জানো ? — ছাজিদে মৰমসুলভভাৱে কথাষাৰ ক'লে ।
: কষ্ট হ'ব । কিন্তু উপায়তো নাই,যাবই লাগিব । — মাছুদৰ অসহায় উত্তৰ।
: বলা লাহে লাহে গৈ থাকোঁ, যদি কোনো টেম্পু ছেম্পু পাওঁ ৰখাম ।
ছাজিদৰ কথামতে মাছুদে এটা হাত তেওঁৰ কান্ধত দি ৰাস্তাৰ কাষেৰে লাহে লাহে ঢেউ দি ঢেউ দি আগবাঢ়ি থাকিল।
: বহুত বেছিকৈ বিষাই আছে নেকি ?
: এনে বেছি বিষোৱা নাই কিন্তু খোজ পেলাব নোৱাৰোঁ ।
ছাজিদে উপলব্ধি কৰিলে যে এনেদৰে বেছি দূৰ খোজকাঢ়ি যোৱাটো সম্ভৱ নহয়। তাতকৈ অলপ সময় বহি থাকি কোনো এখন গাড়ীত গ'লে বেছি ভাল হ'ব। তেওঁলোক ৰাস্তাৰ কাষৰ স্ট্রিট পোষ্টৰ ওপৰত বহি গাড়ীৰ বাবে ৰৈ থাকিল ।
: বিষৰ ঔষদ খাব লাগিব আৰু টিটেনাছ বেজি ল'ব লাগিব ।
: নালাগে এনেই ঠিক হ'ব ।
ছাজিদে বুজিব পাৰিলে যে মাছুদে হয়তো টকাৰ কথা চিন্তা কৰি ঔষধৰ প্ৰয়োজন নাই বুলি কৈ আছে। মাছুদ পৰিয়ালৰ আৰ্থিক সমস্যাৰ বিষয়ে তেওঁ ভালকৈ জানে। চাৰিজন ভাই-ভনীৰ সৈতে সিহঁতৰ ছয়জনীয়া পৰিয়াল। তাতে মাছুদৰ দেউতাৰ বেছি উপাৰ্জন নাই, দিন হাজিৰা কৰা মানুহ । তেওঁ তাক একো নকৈ মনতে ভাবিলে ঘৰত গৈ কিবা এটা ব্যৱস্থা নিশ্চয় কৰিব।
********
সন্মুখত আৰ্মীৰ ইন্টাৰভিউ আছে । গতিকে দৌৰ অনুশীলন নকৰিলে যে তেওঁলোকে ইন্টাৰভিউ পাছ কৰিব নোৱাৰে সেইটো ছাজিদৰ চিন্তা লাগিল । মাছুদে ভৰিত দুখ পোৱাৰ আজি সপ্তাহেই হ'ল। এইকেইদিন ছাজিদেও দৌৰ অনুশীলন কৰা নাই । খালী ভৰিৰে দৌৰিলে আকৌ মাছুদে ভৰিত দুখ পাব পাৰে । সেই কথা ভাবি তেওঁ মাছুদৰ কাৰণে আজি এযোৰ জোতা কিনি আনিছে । কথাটো তেওঁ মাছুদক এতিয়াও কোৱা নাই । আবেলি লগ পোৱাত মাছুদে কাইলৈ ৰাতিপুৱা দৌৰিবলৈ ওলাব বুলি কৈছিল । ভাবিছে পুৱা মাছুদে যেতিয়া আহিব তেতিয়া তাক ছাৰপ্ৰাইজ দিব । মোবাইলৰ এলাৰ্মটো ছেট কৰি তেওঁ শুই পৰিল।
*******
পৰম উৎসাহেৰে ছাজিদে ইন্টাৰভিউ দিবলৈ গ'ল । লগত আছে মাছুদ । ইন্টাৰভিউ দিবলৈ যাওঁতে দৰকাৰ হ'ব পৰা বস্তুবোৰৰ বিষয়ে তেওঁ আগতেই ডাঙৰৰ পৰা শুনি ৰাখিছিল আৰু সেইমতে বেগত ভৰাই আনিছে। তেওঁৰ বেগটো যথেষ্ট ডাঙৰো হৈছে। তেওঁ লক্ষ্য কৰিলে যে মাছুদৰ বেগটো বেছি ডাঙৰ নহয় ।
: পইচা -পাতি যোগাৰ হৈছে নে নাই ? — গাড়ীত উঠাৰ পিছত ছাজিদে সুধিলে ।
: কোনোমতে ধাৰ সাৰ কৰি মিলাই আনিছো তিনিশ টকামান, চলি যাব ।
: হ'ব, চিন্তা নাই, মই এহেজাৰ টকা আনিছো আৰু বেগতো খোৱা বস্তু বিস্কুট, চিৰা মুৰি আছে ।
ছাজিদে ভাবিলে বাটত তেওঁক একো খৰচ কৰিব নিদিয়ে, সেয়ে তেওঁ বেছিকৈ টকা আনিছে । গন্তৱ্যস্থলীত উপস্থিত হৈ ছাজিদে দেখিব পাৰিলে যে গোটেই ঠাইখিনি ইন্টাৰভিউ দিবলৈ অহা সাক্ষাৰ্থীৰে ভৰি পৰিছে , চাৰিওফালে কেৱল মানুহ আৰু দোকান । ৰাস্তাৰ কাষত থকা অস্থায়ী চাহৰ দোকান, হোটেল,হোটেলৰ সমুখত ৰখাই থোৱা দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ ফলত যান-জঁটৰ সৃষ্টি হৈছে । তেওঁলোক কোনোমতে ভিৰৰ মাজেৰে খোজকাঢ়ি আগুৱাই গৈ থাকিল, ছাজিদে বুজিব পাৰিলে সেনাত ভৰ্তি হোৱাটো ইমান সহজ নহয় ।
ইন্টাৰভিউত ছাজিদে দৌৰত পাছ কৰিব নোৱাৰিলে । আনহাতে মাছুদে দৌৰত এক্সিলেন্ট মৰাৰ ওপৰিও সকলো শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল । সন্মুখত মাথো লিখিত পৰীক্ষা । ছাজিদে দৌৰত অনুত্তীৰ্ণ হৈ অলপো দুখ কৰা নাই। কাৰণ তেওঁ আগৰ পৰাই জানিছিল তেওঁ বেছি বেগেৰ দৌৰিব নোৱাৰে, সোনকালে ভাগৰি যায় । কিন্তু মাছুদ সফলতাত তাৰ বৰ আনন্দ লাগিল । এক সপ্তাহ পিছত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু লিখিত পৰীক্ষাত উত্তীর্ণ হ’লেই চাকৰি । কথাবোৰ ভাবি সিহঁতৰ বৰ আনন্দ লাগিল আৰু বৰ হেঁপাহেৰে ঘৰলৈ উভতিলে।
দুই বছৰ পিছৰ এটি আবেলি খেলপথাৰত ছাজিদে সমনীয়াহঁতৰ লগত ক্রিকেট খেলি আছে। কিছুসময় খেলাৰ পিছত তেওঁ মাছুদক খেলপথাৰলৈ অহা দেখিলে। ছাজিদে খেল এৰি তেওঁৰ ওচৰলৈ আগবাঢ়ি গ'ল। তেওঁৰ মনটো বেজাৰ যেন লাগিছে ।
: কি খবৰ, মনটো বেজাৰ লাগিছে যে ? — ছাজিদে সুধিলে ।
: আজি ৰিটেন টেষ্টৰ ৰিজাল্ট দিলে, এইবাৰো বেয়া হৈছে ।
: দুখ লগা খবৰ, পিছে দুখ কৰি কি কৰিবা । পৰীক্ষা যিহেতু পাছ ফেইল থাকিবই । — ছাজিদে লঘুসুৰত কথাটো ক'লে ৷
: এবাৰ দুবাৰ নহয়, চাৰিবাৰ লিখিত পৰীক্ষাত অনুত্তীর্ণ হ’লো । কিমান বেয়া লাগি আছে তোমাক বুজাব নোৱাৰিম। চাকৰিৰ একেবাৰে ওচৰত গৈও ঢুকি নাপাওঁ । নিজৰ ওপৰত ক্ষোভ প্রকাশ কৰি মাছুদে কথাবোৰ কৈ গ'ল ।
: তুমিতো লিখিত পৰীক্ষা লৈ যাব পাৰা, মইতো এবাৰো যাব নোৱাৰিলোঁ। মাছুদৰ মনৰ দুখ কমাবলৈ তেওঁ নিজৰ আৱেগ লুকাই হাঁহিৰ সুৰত কলে । তেওঁৰ মনৰ দুখ কোনেও বুজি নাপায়। কাৰণ তেওঁ সেইটো কাকো বুজিব নিদিয়ে। লুকাই ৰাখিব পাৰে। এবাৰ ইন্টাৰভিউত দৌৰি থকা সময়ত তেওঁ মাটিত বাগৰি পৰিছিল আৰু তেওঁৰ ওপৰেদি দুই তিনিজন ল’ৰাই দৌৰি গৈছিল । কথাটো মনত পৰি তেওঁৰ বৰ দুখ লাগিছিল কিন্তু তেওঁ সেইটো মাছুদক বুজিব নিদিলে । তেওঁ মাছুদৰ মৌনতা দেখি কলে—
: মই এটা বস্তু বুজিব পাৰিছো যে তোমাৰ মাত্ৰ এটাই অসুবিধা, সেইটো হ'ল লিখিত পৰীক্ষা আৰু এই সমস্যাটোৰ সমাধানো মই বিচাৰি পাইছোঁ।
: কেনেকৈ ? — বৰ আগ্ৰহেৰে মাছুদে সুধিলে।
: নেক্সট ইন্টাৰভিউ দিয়াৰ আগতে ৰহিম ছাৰৰ ওচৰত কিছুদিন টিউচন পঢ়িলে হ'ল। ইন্টাৰভিউত অহা সম্ভাৱ্য প্রশ্নসমূহ আলোচনা কৰিলে কামত আহিব।
: এই বয়সত টিউচন লাজৰ কথা। কিমান টকা বা লাগিব আকৌ ?
: একো লাজৰ কথা নহয়। কিছুদিন পঢ়িলেই বহুখিনি ধাৰণা ল’ব পাৰিবা, লগতে তোমাৰ যিটো দিশত সমস্যা আছে সেই দিশটেৱেই কেৱল শিকিবা । বেছিদিন নালাগেই ।
: তুমিতো ঠিকেই কৈছা, পিছে মোৰ পইচা নাই । বহুত বাৰ কোৱাৰ পিছত দেউতাই দিয়া টকাৰে এখন জিকেৰ কিতাপ কিনিছো ।
: টকাৰ চিন্তা কৰিব নালাগে, ব্যৱস্থা কৰা যাব ।
********
সময় পাৰ হৈ থাকিল, ছাজিদে স্নাতকৰ লগতে বি. এড. পৰীক্ষা পাছ কৰিলে । আজিকালি তাৰ আৰু সেনাবাহিনীত সোমোৱাৰ ইচ্ছা নাই, কাৰণ তেওঁ উপলব্ধি কৰিছে যে তেওঁৰ স্বাস্থ্যটো সেনাৰ কাৰণে উপযোগী নহয়। তেওঁ ইন্টাৰভিউ দিয়াও এৰিলে । তেওঁৰ এতিয়া শিক্ষক হ'বৰ মন । কিন্তু সেই আশাটো কেতিয়া যে বাস্তৱত ৰূপায়িত হ'ব সেয়া সৃষ্টিকর্তাইহে জানে। বর্তমান এনেই বহি থকাতকৈ তেওঁ গাঁৱৰ জাতীয় বিদ্যালয় এখনত শিক্ষকতা কৰি আছে, লগতে ল'ৰা ছোৱালীক টিউচন কৰে । মাছুদেও আৰ্মীত ভৰ্তি হোৱাৰ ছয় বছৰমান হ'ল। তেওঁৰ এতিয়াও মনত পৰে যিদিনা ডাকোৱানজনে মাছুদৰ চাকৰিৰ নিয়োগপত্ৰখন হাতত দিছিল । দুয়ো একেলগেই আছিল, নিয়োগপত্ৰখন পাই দুয়ো আনন্দত আত্মহাৰা হৈ গৈছিল । খবৰটো আন লগৰীয়াকো জনালে, সকলোৱে মাছুদৰ ওচৰত মিঠাই বিচৰাত ছাজিদে সকলোকে চাহ দোকান এখনত নি মিঠাই খুৱালে । সকলোৱে বৰ আনন্দ স্ফূৰ্তি কৰিলে । বিশেষকৈ যেতিয়া মাছুদ চাকৰিত যোগদান কৰিবলৈ যাব তাৰ আগদিনা ছাজিদে গাৱঁৰ আন যুৱবন্ধুসকলৰ লগত মিলি এটি বিদায় সভাৰ আয়োজন কৰিলে । সকলোৱে নিজা ববীয়াকৈ চান্দা সংগ্ৰহ কৰি এটি ভোজৰ আয়োজন কৰিলে আৰু মাছুদৰ বাবে কিছু আৱশ্যকীয় বয়-বস্তুও ক্ৰয় কৰিলে , সকলোৱে ভোজ খাই নিজৰ নিজৰ বিদায় সম্ভাষন জনাইছিল আৰু মাছুদক উপহাৰ দিছিল । সঁচাকৈৱে সেইদিনটো বহু উপভোগ কৰিছিল তেওঁ । যোৱাৰ সময়ত মাছুদক ৰেল আস্থানলৈকে এৰি আহিছিল । সেইদিনবোৰ এতিয়া পুৰণি হ’ল । মাছুদৰ এতিয়া বহু নতুন নতুন বন্ধু হৈছে, বিয়া পাতি মাছুদ এতিয়া এটি পুত্ৰ সন্তানৰ পিতৃও হৈছে । পৰিয়ালৰ সৈতে তেওঁ বৰ্তমান দিল্লীত থাকে, তেওঁৰ পোষ্টিং তাতেই । এতিয়া তেওঁৰ ছাজিদৰ লগত কথা পতাৰো সময় নাই । এটা ফোন কলো তেওঁৰ পৰা নাহে । ছুটীত আহিলেও ছাজিদৰ লগত বিশেষ কথা বতৰা নহয় । নতুন বন্ধু বিলাকৰ সৈতে ঘুৰি ফুৰে । ছাজিদৰ লগত তেওঁৰ যেন কোনো বিশেষ সম্পর্কই নাই। দেখা হ'লে এবাৰ মাত লগাই তাতেই শেষ । কেতিয়াবা ছাজিদৰ বৰ বেয়া লাগে । যেতিয়া তেওঁ মাছুদৰ মুখৰ পৰা ইতিকিঙেৰে ভৰা কথা শুনে ।
: এতিয়া কি কৰা ? চাকৰি বাকৰি হ'ল নে নাই ? — ছুটিত আহি মাছুদে এবাৰ এনেকৈ সুধিছিল ।
ছাজিদৰ দুখ লাগে যে ইমান দিনৰ মূৰত দেখা হোৱাৰ পিছতো ভাল বেয়া খবৰ এটা নলৈ ইতিকিঙৰ সুৰত যেতিয়া এনেধৰণৰ প্ৰশ্ন সোধে। তথাপি তেওঁ বেজাৰ নহৈ ধৈৰ্যৰে উত্তৰ দিয়ে ।
: চাকৰি হোৱা নাই, হ'লে খবৰ নিশ্চয় পাবা। জাতীয় বিদ্যালয়ত এনেই সোমাইছো,বহি থকাতকৈ ব্যস্ততাৰ মাজত থাকি ভাল পাওঁ বাবে কেই গ্ৰুপমান টিউচনো লৈছোঁ, এনেকৈ দিনবোৰ পাৰ হৈ আছে ।
: দৰমহা কিমান দিয়ে ?
: দুই হাজাৰমান দিয়ে । — ছাজিদে বুজি পালে আচলতে মাছুদৰ মনোভাৱ কি, তথাপি বেছি স্পষ্ট হ'বলৈ সচাঁ কথাটোৱে ক'লে।
: মাত্ৰ দুহেজাৰ, ইমান কম টকাৰে কেনেকৈ চলিবা ? মাহিলি ত্ৰিশ হেজাৰকৈ পাইও চলিব নোৱাৰা হওঁ ।
: হব ,তোমাৰ পৰা ধাৰ নিবিচাৰোঁ, ইমান সৰু বুলি নাভাবিবা । চাকৰি নহলেও চলিব পাৰিম এইখিনি সুবিধা দেউতাই মোৰ বাবে কৰি থৈছে । — কিছু ধেমালি আৰু আৱেগ মিশ্ৰিতভাৱে ছাজিদে কলে ।
: আৰে মই ধেমালি কৰা নাই, সঁচাই কৈছোঁ, ছিটিত বহু খৰচ । — হাঁহি হাঁহি মাছুদে কথাটো ক'লে । ছাজিদে গম পায় ত্ৰিশ হেজাৰ টকা মুঠেই কম নহয়। নিজৰ দৰমহাৰ কথা শুনাই তেওঁ যে তাক ইতিকিং কৰি আছে সেইটো বুজিবলৈ তাৰ বাকী নাই।
: তুমি এতিয়া বহু ধনী হৈছা সেয়ে । মোৰ অৱশ্যে ইয়াৰ পৰাই ৰাহি হয় । কেতিয়াবা প্ৰয়োজন হলে কবা পাৰিলে সহায় কৰিম —ছাজিদে এনেয়ে কথাটো ক'লে । মাছুদৰ কথা আজিকালি তেওঁৰ শুনাৰ বেছি ধৈর্য নাই । চাকৰি পাই তেওঁ নিজকে বহু ডাঙৰ হোৱা বুলি ভাবিছে । তাৰ কথা সি মনত কৰিবই নোখোজে, যিজনে নিজৰ সৰু ভাই ভনীৰ পঢ়া খৰচখিনিও নিদিয়ে । মা-দেউতাৰ খবৰ ভালদৰে নলয়। ছুটীত আহিলে বেছি দিনেই শশুৰেকৰ ঘৰতে থাকে এনে এজন ল'ৰাই তেওঁৰ নিচিনা বেকাৰ বন্ধুৰ কি মূল্য বুজিব । তাৰ দুখ লাগে তেতিয়া যেতিয়া মাছুদৰ দেউতাকে তেওঁক কয় তাক অলপ বুজাবি ঘৰত পইচা পাতি দিব নোখোজে । খুজিলে নাই বুলি কয় । ছাজিদে আচল কথাটো তাৰ দেউতাকক নকয়, আজিকালি যে তাৰ লগত আগৰ বন্ধুত্ব নাই ।
*****
হঠাৎ বাজি উঠা এলাৰ্মৰ শব্দত তাৰ টোপনি ভাঙিল। সি মোবাইলটো গাৰুৰ কাষৰ পৰা হাতত লৈ এলাৰ্মটো বন্ধ কৰিলে । কাষৰ ঘৰটোৰ পৰা মতা কুকুৰায়েও ৰাতিপুৱাবলৈ যে বেছি পৰ নাই তাৰ সম্ভেদ দিলে। উইচিৰিঙাৰ শব্দও তাৰ কাণত পৰিল। তেওঁ সকলোবোৰ স্পষ্টকৈ শুনি আছে। এৰা , তেওঁ দেখোন বিছনাতে শুই আছে। ইমান পৰে তেওঁ তেনেহলে সপোন দেখিলে। মাছুদৰ সৈতে প্ৰতিদিনে দৌৰ অনুশীলন কৰিবলৈ যোৱা, আৰ্মীৰ ইন্টাৰভিউ দিবলৈ যোৱা, তেওঁৰ সৈতে পাৰ কৰা সময়বোৰ আদি বহু কথা সৰু সৰুকৈ মনত পৰিল তেওঁৰ । সেনাত সোমাবলৈ তেওঁ কিমান চেষ্টা কৰিছিল সেই সকলোবোৰ কথা ভাবি তাৰ আচৰিত লাগিল । তেওঁ কি হ'ব খুজিছিল আৰু হ'ল কি। আচলতে সৃষ্টিকর্তাই যিটো কপালত লিখি থৈছে সেইটো হ'বই। তেওঁৰ জীৱনৰ সাফল্য য'ত লুকাই আছিল তেওঁ তাৰ বিপৰীত দিশত লক্ষ্য স্থিৰ কৰিছিল। সেইকাৰণেই ছাগে ইমান চেষ্টা কৰাৰ পিছতো তেওঁ সফল হ'ব পৰা নাছিল। কাৰণ সাফল্যৰ বিপৰীত দিশত সফল হোৱাটো কেনেকৈ সম্ভৱ ? বিভিন্ন ধৰণৰ কথা তেওঁৰ মগজুত চলি থাকিল। কেতিয়াবা মাছুদৰ কথা তেওঁৰ মনত পৰে যদিও তাৰ বিষয়ে তেওঁ ভাবিব নোখোজে। কাৰণ যোগাযোগ নাথাকিলে কোনো বন্ধুত্বই নিটিকে আৰু ইয়াক জোৰ কৰি জীয়াই ৰাখিব নোৱাৰি। প্রকৃততে কোনো সম্পর্কই স্থায়ী নহয়।
ছাজিদৰ এতিয়া একোৰে অভাৱ নাই। তেওঁ বৰ সুখী। সৃষ্টি কৰ্তাই তাৰ মনৰ আশা পূৰ্ণ কৰিছে। গাঁৱৰে এম.ই স্কুলত তেওঁৰ চাকৰি হৈছে । মা-দেউতা, কনমানি ছোৱালী ছাজিদা আৰু পত্নীৰ সৈতে তেওঁ বৰ সুখেৰে আছে। কথাবোৰ ভাবি তাৰ বৰ আত্মসন্তুষ্টি লাগিল । তেওঁৰ অন্তৰৰ পৰা সৃষ্টিকৰ্তাৰ ওচত কৃতজ্ঞতা প্ৰকাশ কৰিলে। এনেতে মছজিদৰ পৰা আজানৰ মৃদু শব্দ ভাহি আহিল। তেওঁ অকনো পলম নকৰি বিছনাৰ পৰা উঠিলে—
: ছামিয়া উঠা, নামাজৰ সময় হৈছে। মই মছজিদলৈ গৈ আছোঁ।
পত্নীক জগাই ছাজিদে পাঞ্জাবী খন পিন্ধি হাতত মেছৱাকটো লৈ মছজিদলৈ ৰাওনা হ'ল।