তোমাৰ অনুপস্থিতি
মহঃ আবু শ্বামা আলম
গ্ৰীষ্মৰ প্ৰলম্বিত প্ৰহৰত যেতিয়া
শৰীৰৰ তেজ গাম হৈ
বক্ষ ভেদি নিগৰিত হয়,
তেতিয়া উপলব্ধি কৰোঁ
তোমাৰ অনুপস্থিতি,
মগজু শুকোৱা গৰমত
লুণীয়া গামৰ সোৱাদেৰে….
বৰ্ষাৰ অবিৰল বাৰিধাৰাত
অখাত নিৰ্ঝৰিণী যেতিয়া উপচি পৰে
বোকাময় পথক নেওচি
নীড়মুখী হৈ অনুভৱ কৰোঁ
তোমাৰ অনুপস্থিতি
ভেকুলীৰ টোৰ টোৰণিৰ মাজেৰে…..
শৰৎৰ জোনাকী যামিনীত
যেতিয়া ধৰণী নিতাল মাৰে
সৰণীৰ কাষত বহি যেতিয়া
তৰাৰ সতে কথা পাতো,
কঁহুৱাৰ ফুলৰ বগা ৰঙে
সোঁৱৰাই দিয়ে
তোমাৰ গালৰ ৰহন
তেতিয়া উপলব্ধি কৰোঁ
তোমাৰ অনুপস্থিতি
মৃদু মলয়াৰ আৱেশেৰে ….
হেমন্তৰ নিবিড় আৱেশত
মাজনিশা যেতিয়া টোপনি সৰে
তেতিয়া উপলব্ধি কৰোঁ
তোমাৰ অনুপস্থিতি;
কুঁৱলিৰ ডাঠ আৱৰণ
আৰু নিয়ৰক চুই
নিৰ্গত কৰোঁ
বেদনা বিৰহৰ …..
শীতৰ ৰাতিবোৰ যেতিয়া
চেঁচা আৰু দীঘলীয়া হয়
নিহালীৰ ভাজত শীত নিগৰে,
ভোগালীৰ মেজিৰ উমত
অনুভৱ কৰোঁ
তোমাৰ অনুপস্থিতি
তিল পিঠা আৰু চাহৰ জুতিৰে….
বসন্তৰ আগমনত যেতিয়া
বিৰিখই মলিয়াই
কুঁহি পাতে শুৱনি কৰে ধৰা
তেতিয়া উপলব্ধি কৰোঁ
তোমাৰ অনুপস্থিতি
কুলিৰ স্নিগ্ধ ৰাগত
ৰিক্ত হৃদয়ৰ কল্লোলেৰে ….
যদি কেতিয়াবা মনটো ভৰি পৰে
অনাবিল সুখেৰে
বা বিষাদৰ মালাৰে
চকুলো নিগৰে,
নীৰলাত নিৰলে অনুভৱ কৰোঁ
তোমাৰ অনুপস্থিতি
তুমি যতে আছা সুখী হোৱা।
No comments:
Post a Comment