Tuesday, 27 August 2024

সজাত বন্ধী প্ৰেয়সী

     সজাত বন্ধী প্ৰেয়সী

              ✒️মহ: আবু শ্বামা আলম

মায়াৱী ভালপোৱা আৰু

কমনীয় দেহাৰ

তড়িৎ আৱেশেৰে গঢ়িলি

মোৰ দেহত প্ৰেমৰ লহৰ.....

য'ত উটি গ'ল 

মোৰ লাজ, শংকা আৰু কৌমাৰ্য...

অৱশ বাহুৰ বন্ধনত

ভাগৰুৱা প্ৰতিশ্ৰুতিত

ওঁঠত বিৰঙিল দুষ্ট হাঁহি,

মন-মগজুত গঢ়িল

প্ৰেমৰ ঔপনিৱেশ...


মনুষ্যত্ব এতিয়া নিৰ্বিকাৰ; 

মন্থৰ গতিৰে

আগুৱাব ধৰিছে 

ধুমুহাৰ দিশত চলা নাৱৰীয়াৰ দৰে...


প্ৰেমৰ সুভাষেৰে

দখল কৰিলি মোৰ কলিজা...

নিয়ন্ত্ৰণ হেৰুৱাই

মই অসহায়.....


তোৰ তপত চুম্বনত

নিতৌ পৰিৱৰ্তিত হয়

মোৰ জীৱনৰ সৰল সমীকৰণ;

খহি পৰে প্ৰতিজ্ঞাৰ টোপোলা

দায়িত্বহীন কদাৰ্য নলাত;


কিন্তু মই যে অকৃতঘ্ন নহয়

পৰাধীনতা মোৰ পৰিচয় নহয়

গতিকে তোক মোৰ কলিজাৰ পৰা

ওলোৱাব নোৱাৰিলেও

তোৰ বিৰুদ্ধে মই

ঘোষনা কৰিলোঁ

জেহাদ.......

মোৰ কলিজাৰ নিষ্ঠুৰ সজাত

আৱদ্ধ কৰি ৰাখিম তোক

সীমিত প্ৰেমৰ

খোৰাকেৰে...

No comments:

Post a Comment