Friday, 16 August 2024

তোমাৰ অনুপস্থিতি

                                         তোমাৰ অনুপস্থিতি

                                                                               কবিঃ-মহঃ আবু শ্বামা আলম

গ্ৰীষ্মৰ প্ৰলম্বিত প্ৰহৰত যেতিয়া

শৰীৰৰ তেজ ঘাম হৈ

বক্ষ ভেদি নিগৰিত হয়,

তেতিয়া উপলব্ধি কৰোঁ

তোমাৰ অনুপস্থিতি,

মগজু শুকোৱা গৰমত

লুণীয়া ঘামৰ সোৱাদেৰে.....


বৰ্ষাৰ অবিৰল বাৰিধাৰাত

অখাত নিৰ্ঝাৰিণী যেতিয়া উপচি পৰে

বোকাময় পথক নেওচি

নীড়মুখী হৈ অনুভৱ কৰোঁ

তোমাৰ অনুপস্থিতি

ভেঁকুলীৰ টোৰ-টোৰণিৰ মাজেৰে....


শৰ‍‍ৎৰ জোনাকী যামিনীত

যেতিয়া ধৰণী নিতাল মাৰে

সৰণীৰ কাষত বহি যেতিয়া

তৰাৰ সতে কথা পাতো,

কহুৱা ফুলৰ বগা ৰঙে

সোঁৱৰাই দিয়ে

তোমাৰ গালৰ ৰহণ

তেতিয়া উপনব্ধি কৰোঁ

তোমাৰ অনুপস্থিতি

মৃদু মলয়াৰ অৱেশেৰে....


হেমন্তৰ নিবিড় আৱেশত

মাজনিশা যেতিয়া টোপনি সৰে

তেতিয়া উপনব্ধি কৰোঁ

তোমাৰ অনুপস্থিতি,

কুঁৱলিৰ ডাঠ আৱৰণ

আৰু নিয়ৰক চুই

নিৰ্গত কৰোঁ

বেদনা বিৰহৰ....


শীতৰ ৰাতিবোৰ যেতিয়া

চেঁচা আৰু দীঘলীয়া হয়

নিহালিৰ ভাঁজত শীত নিগৰে,

ভোগালীৰ মেজিৰ উমত

অনুভৱ কৰোঁ

তোমাৰ অনুপস্থিতি

তিল পিঠা আৰু চাহৰ জুতিৰে ....


বসন্তৰ অগমনত যেতিয়া

বিৰিখই মলিয়াই

কুঁহিপাতে শুৱনি কৰে ধৰা

তেতিয়া উপলব্ধি কৰোঁ

তোমাৰ অনুপস্থিতি

কুলিৰ স্নিগ্ধ ৰাগত

ৰিক্ত হৃদয়ৰ কল্লোলেৰে....


যদি কেতিয়াবা মনটো ভৰি পৰে

অনাবিল সুখেৰে,

অথবা বিষাদৰ মালাৰে

চকুলো নিগৰে,

নীৰলাত নিৰলে অনুভৱ কৰোঁ

তোমাৰ অনুপস্থিতি

তুমি য'ত আছা সুখী হোৱা ।



No comments:

Post a Comment