স্বৰ্গীয় কানন
কবি: মহঃ আবু শ্বামা আলম
জননীৰ জঠৰ কাৰাৰ পৰা
ভূমিষ্ঠ হৈ আহিলোঁ যিদিনা
দেশমাতৃৰ কোলালৈ
চেনিমাৰীবাসীয়ে দিছিল মোক
চেনীৰ পানী পিবলৈ ।
উপজিয়েই পালোঁ
ইয়াৰ আভাস
চৌদিশে বিয়পিছে
স্নিগ্ধ সুবাস;
মুছলমান, হিন্দু, কছাৰী, বড়োৰ....ৰ
আছিল নিবাস ।
নাই কোনো ভেদাভেদ,
নাই কোনো মতভেদ,
গাঁঁওবাসী লোকৰ
যেন ই শান্তিৰ আকৰ ।
মনমোহিনী চেনিমাৰীৰ
ঘৰে ঘৰে গছে ওলমে
আম, জামু, মধুৰী
লিচু, খেজুৰ, বগৰী
কতনো ফল....
কাষেদি প্ৰবাহিত,
শান্ত প্ৰবাহিনী লুইত,
লুইতৰ বুকুত
বালিচৰৰ মাজত
ধূসৰ কঁহুৱা বন
যেন ই স্বৰ্গীয় কানন ।
কিন্তু কালৰ কূটিল আৱৰ্তত
শান্ত লুইতে ধৰিলে উগ্ৰমূৰ্তি
কাঢ়ি নিলে সকলোৰে
সুখ, শান্তি স্ফুৰ্তি...
নিঃশেষ হ'ল সোণৰ চেনিমাৰী ।
নাই নাই নাই !
চেনিমাৰী এতিয়া নাই
লোকৰ মুখে, গীতে, কবিতাই
মাথোঁ ইয়াৰ গুণ গায় ।
টোকা: "চেনিমাৰীৰ মালিতা" ২য় খণ্ডত প্ৰকাশিত।
Earlier this poem published at Chenimarir Malita Pt-2 , this time reposted on blog for new readers. Dear readers don't forget to subscribe my blog aNd share with your friends.
ReplyDelete