লাজ লাগিলেও তোমাক কথা এটা কম
কবি :মহঃ আবু শ্বামা আলম
লাজ লাগিলেও
তোমাক
কথা এটা কম বুলি ভাবিছোঁ
কিনো কম
কেনেকৈ কম
নিৰলত অকলে
অভিনয় কৰি দেখিছোঁ ।ঐ
বহুদিন ধৰি
কওঁ কওঁ বুলি
এতিয়াও কোৱা নহ'ল
কব খোজা বহুক্ষন
নীৰৱে পাৰ হ'ল
মনৰ কথাবোৰ
মনতেই ৰৈ গ'ল ।
বহু কথাই কোৱা হ'ল
হাঁহি ধেমালিও
কৰা হ'ল
মাথো এটি কনতেই
পলম হৈ গ'ল ।
কিন্তু কথা এটা আছে
মনৰ কথা বেকত কৰোঁঁতে
পলম কৰিব নালাগে
সেই বাবেই
লাজ লাগিলেও
তোমাক....
কথা এটা কম বুলি ভাবিছোঁ ।
![]() |
| "চেনিমাৰীৰ মালিতা" প্ৰথম খণ্ডত প্ৰকাশিত |

Earlier this poem published at Chenimarir Malita Pt-1 , reposted for new readers. Dear reader please subscribe to my blog and share with your friends and also leave a comment.
ReplyDeleteতামাম মজা লাগিছে।
ReplyDeleteBut Val lagise
ReplyDelete