অমাৱস্যা
কবি: মহঃ আবু শ্বামা আলম
মোৰ আকাশত
তিমিৰে সম্ৰাজ্য পাতিছে
তৰা, জোন সকলোকে
বহিস্কাৰ কৰিছে,
এতিয়া চৌদিশে মাথোঁ
ঘোৰ অন্ধকাৰ
অন্ধকাৰৰ মাজত বাট হেৰুৱাই
হ'লো বৰ নিৰুপায়....
অন্ধকাৰ নামৰ
নিদাৰুণ ৰাক্ষসটোৱে
মোক হজম কৰিব খোজে,
মোৰ আশা-আকাংক্ষা সকলো
যাৰ আগত লীন গ'ল
তথাপি সি শান্ত নহ'ল....
সৌৱা খেদি আহিছে
মোৰ পিনে
নিৰ্দয় ভাবে ......
ভয়ত মোৰ বুকুৱে ধান বানিছে
গাঁঁৰ নোমো ডাল ডাল হ'ল
মই চিঞৰি আছো
সহায় বিচাৰি....
কোনো সহাৰি নাই
জোনাকহীন জীৱনত
সাৰথিবিহীন...
সচাঁকৈয়ে হলোঁ বৰ নিৰুপায় ।
![]() |
| "চেনিমাৰীৰ মালিতা" ষষ্ঠ খণ্ডত প্ৰকাশিত |

চেনিমাৰীৰ মালিতা ষষ্ঠ খণ্ডত প্ৰকাশিত, পাঠকৰ সুবিধাৰ্থে পুনৰাই প্ৰকাশ কৰা হল।
ReplyDelete