তোমাৰ সন্ধানত
কবি: মহঃ আবু শ্বামা আলম
মৌ বৰষা তোমাৰ মাত
শুনিলে হৃদয় পৰে শাত
মোৰ মন কাননত অঁকা
তুমি নীৰৱ আল্পনা
তোমাক লৈ কৰোঁ যত
সেউজী কল্পনা....
প্ৰভাতী নিশাত
আশাৰ প্ৰদীপ জ্বলাই
নিতৌ ৰচোঁ
বৰ্ণালীৰ সপ্ত ৰঙেৰে
তোমাৰ মোৰ যুগ্ম জীৱনী
শীতৰ কুঁৱলিসনা
সেমেকা ৰজনীত বিচাৰি ফুৰোঁ
তোমাৰ কোমল বুকুৰ উমনি
পুৱাঁৰ চেঁচা বতাহজাকে
উৰুৱাই আনে তোমাৰ বতৰা
..... যে তুমি উঠিলা
বিছনাৰ পৰা .....
মই কেতিয়াবাই উঠিলোঁ....
নিয়ঁৰসিক্ত দুৱৰিৰ দলিচাত
দৌৰি আছোঁ মই
..... তোমাৰ সন্ধানত ।


This poem is published in "Chenimarir Malita" Part-5. Dear reader you can subscribe my blog to read more articles. Thanks
ReplyDelete