শিপা
কবি : মহ: আবু শ্বামা আলম
ৰচনাকাল: 17/09/2014
মোৰ দুচকুৰ প্লাৱন
অৱনমিত হয় ,
তোমাৰ যন্ত্ৰণাক্লিষ্ট মৰমত ;
মোৰ বুকু চিৰা-চিৰ হয় ,
তোমাৰ নিষ্ঠুৰ বিৰহত......
তুমিতো-
নিষ্ঠুৰ প্ৰিয়তমা
অসীম তোমাৰ ৰূপৰ গৰিমা
মূল্যহীন কৰিলা মোৰ
বুকুৰ নিৰ্মল ভালপোৱা
তুমি নিষ্ঠুৰ অনুপমা ....
মোৰ হৃদয়ত ....
তুমিয়েইতো এদিন
ৰুইছিলা ভালপোৱাৰ বীজ
যি অংকুৰিত হৈ
বৃক্ষৰ ৰূপ ধৰিছিল ;
যাৰ শীতল .... স্নিগ্ধ ছায়াত
জিৰাইছিলা ......
তুমি নিজেই ......
কি কাৰণত
কাটি পেলালা
সেই ভালপোৱাৰ গছ ,
যাৰ শিপাৰ একাংশ
মোৰ বুকুত থাকিয়েই গ’ল;
সি আকৌ গজালি মেলিছে....
অৰ্ধভগ্ন হৃদয় লৈ
এতিয়াও অপেক্ষাৰত মই
তুমি অহালৈ .....


কবিতো পঢ়ি কেনে লাগিছে নিশ্চয় মন্তব্য কৰিব । কোনেও যাতে নকল কৰি বেলেগ ঠাইত প্ৰকাশ নকৰে বা মুদ্ৰিত নকৰে। ©মহঃ আবু শ্বামা আলম
ReplyDelete