বিনিময়
মহ: আবু শ্বামা আলম
অমানিশাৰ ঘোৰ অন্ধকাৰত
তোমাৰ দীঘল চুলিকোচাৰ মায়াজালত,
মোৰ চকুযুৰিত
নামি আহে সুখৰ
নিদ্ৰা ;
ধেনুভিৰীয়া কাজলি
নয়নে
মোক দেখুৱাই যুৰীয়া সপোন ,
মোৰ বুকুৰ বালি চাপৰিত গঢ় লয়
প্ৰেমৰ কাৰেং;
গোলাপৰ পাহিৰ দৰে মিহি
মেৰু ভালুকৰ
নোমৰ দৰে
কোমল
ৰক্তিম ওঁঠযুগলে
ৰঙীন হোৱাৰ প্ৰেৰণা
যোগায়;
মোৰ জীৱনটো ৰঙীন কৰিবলৈ
ৰঙৰ প্ৰয়োজন
তোমাৰ ৰঙীন ওঁঠৰ
পৰা
অলপ ৰং
ধাৰ দিয়া
বিনিময়ত
এখন সৰল
হৃদয় দিম ।